Home সুখবৰ অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব আন্তঃ ৰাষ্ট্ৰীয় ৰেংকিং পাঞ্জা প্ৰতিযোগিতা

অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব আন্তঃ ৰাষ্ট্ৰীয় ৰেংকিং পাঞ্জা প্ৰতিযোগিতা

17
0

অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব আন্তঃ ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতা ।অহা ২৬ আৰু ২৭ জুলাইত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত দেশৰ লগতে আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব ।এই সম্পৰ্কে আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা এক সংবাদ মেলত সংস্থাটোৰ সাধাৰণ সম্পাদক অনুপ ৰাজখোৱাই কয় যে আন্তঃ ৰাষ্ট্ৰীয় ৰেংকিং পাঞ্জা প্ৰতিযোগিতা দ্বিতীয় বাৰৰ বাবে ভাৰতত অনুষ্ঠিত হৈছে।ইয়াৰ পূৰ্বে বাংগালোৰত এই প্ৰতিযোগিতাখন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল।জি এম চি এইচ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ বাবে ইতিমধ্যে ইৰাণ, বাংলাদেশৰ প্ৰতিনিধিয়ে নাম পঞ্জীয়ন কৰিছে।আগ্ৰহীসকলে নাম পঞ্জীয়ন কৰিবলৈ www.bulldogarmwrestling.com ল’গ অন কৰিব পাৰে।ডিব্ৰুগড়ৰ স্বেচ্ছাসেৱী সংগঠন পূৰ্ণ বিকাশ সংস্থাৰ উদ্যোগত আৰু বুলডগ স্প’ষ্টৰ্ছ সহযোগত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল,জুবিন গাৰ্গ উপস্থিত থাকিব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here