অসমৰ চাহে অভিলেখ গঢ়িলে

অসমৰ চাহ পৃথিৱী বিখ্যাত। এই খ্যাতিকেই অক্ষুন্ন ৰাখি ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাত উংপাদিত মনোহৰী গল্ড চাহ উজলি উঠিল। সৰ্বকালৰ অভিলেখ ভংগ কৰি কালি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত ৩৯,০০১ টকাত বিক্ৰী হ’ল।উল্লেখযোগ্য যে প্ৰধানত দিল্লী, জয়পুৰ, আহমেদাবাদ চহৰত এই মনোহৰী গল্ড চাহ এক বিশেষ মূল্যত উপলব্ধ হ’ব। জানিব পৰা মতে বৃৃট্ৰিছৰ দিনৰ পৰা ডিব্ৰুগড়ৰ মনোহৰী চাহ বাগিচাখন চলি আছে। এই সম্পৰ্কত বাগিচা স্বত্বাধিকাৰী ৰাজেন লোহিয়াই কয় যে সম্পূৰ্ণ প্ৰাকৃতিক ভাৱে হাতেৰে মনোহৰী গল্ড চাহ প্ৰস্তুত কৰা হয়। এই চাহৰ প্ৰস্তুতকৰণ সুকীয়া আৰু যত্নকৰ। সেয়েহে দিনে মাত্র ৫০ গ্ৰাম চাহ উংপাদন কৰিব পাৰি। স্মতৰ্ব্য যে ইতিপূৰ্বে বিগত বৰ্ষৰ ৯ নবেম্বৰত অৰুণাচল প্ৰদেশৰ ইটানগৰৰ দনিই প’ল নামৰ বাগিচাখনৰ চাহ প্ৰতি কিলোগ্ৰামত ১৮,৮০১ টকাত নিলাম হৈছিল। এনে ধৰণৰ খবৰে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত খলকনি সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *