আজিৰ অনুভৱ

এটা জাতিৰ ভাষা, কৃষ্টি সংস্কৃতিক জাতিটোৰ মেৰুদণ্ড তথা আয়ুসৰেখা বুলি কোৱা হয়। জাতিৰ নিজস্ব স্বকীয়তা নাথাকিলে পৃথিৱীৰ কোনো জাতিৰ লগত ফেৰ মৰাটো অথবা পৰিচয় দাঙি ধৰাটো অসম্ভৱ। সংস্কৃতি, পৰম্পৰা আদিবোৰে আমাক সবল কৰি ৰাখে। এই সকলোবোৰক বিকৃত নোহোৱাকৈ নিভাজভাৱে উত্তৰ প্ৰজন্মৰ বাবে আগবঢ়াই নিয়াটো প্ৰত্যেকজন ব্যক্তি বিশেষৰে কৰ্তব্য। কিন্তু এই সকলোবোৰ কথা জানিও একাংশই আমাৰ কৃষ্টি সংস্কৃতি বিকৃত ৰূপত উপস্থাপন কৰা দেখা যায়। কোনো নেতিবাচক মনোভাৱ লৈ এই লেখনি লিখা নাই, লিখা হৈছে মাথো সংস্কৃতিৰ পুজাৰী, পুৰুধা ব্যক্তিসকলক দৃষ্টি গোচৰ কৰাৰ উদ্দেশ্যেৰে। এতিয়া আহো মূল প্ৰসংগলৈ অসমৰ বিভিন্ন ঠাইৰ লগতে মাজুলীতো ৰাস মহোৎসৱ অনুষ্ঠিত হৈ যায়। মাজুলীৰ ৰাস উৎসৱৰ এক ঐতিহ্য জড়িত হৈ আছে। সেয়েহে বিভিন্ন দেশী বিদেশী পৰ্যটকে এই উৎসৱত ভিৰ কৰা পৰিলক্ষিত হয়। এইবাৰ মাজুলীলৈ ৰাস চাবলৈ গৈছিলো। এখন সত্ৰৰ ৰাস অনুষ্ঠানত হিন্দী শব্দৰ লগতে ৰাজস্থানী নৃত্যাংশ সদৃশ নৃত্য দেখা গ’ল। এতিয়া প্ৰশ্ন হ’ল আমাৰ অসমীয়া সংস্কৃতি প্ৰাণ কেন্দ্ৰত কেতিয়াৰ পৰা কোনে, কিয় এনে ধৰণৰ বৰ্হিকৃষ্টিক অৰ্ন্তভুক্ত কৰিলে আৰু শিপা বুলিবলৈ কি থাকিল?

দ্বিতীয়তে, গণৰাজ্য দিৱসত আমাৰ সত্ৰীয়া পৰম্পৰাক কিয় ইমান কৃত্ৰিম ৰূপ ৰঙৰে প্ৰলেপ দিয়া হ’ল? বাহিৰত আমাৰ নিজা কৃষ্টি কি ৰূপত দেখুৱালো?

তৃতীয়তে বহুক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বাতৰি সমূহত অসমৰ বাতৰি সমূহক তিলটোকে তাল কৰি সম্প্ৰচাৰ কৰা দেখা যায়। এই ক্ষেত্ৰত প্ৰত্যেকেই সাৱধানতা অৱলম্বন কৰা উচিত। কাৰণ কোনো ক্ষেত্ৰতে ভালতকৈ বেয়াখিনি অধিক প্ৰাধান্য দিয়া দেখা যায়।

প্ৰিয় পাঠক, বহুদিন আগৰ পৰাই জনাম জনাম বুলি ভাবি থকা কিছু অনুভৱৰে আজিৰ পৃষ্ঠা ভৰালো। আশা কৰিছো এনে লেখাৰ জৰিয়তে গঠনাত্মক তথা ইতিবাচক মানসিকতা গঢ়ি উঠে।

সদৌ শেষত ইয়াকে ক’ব খোজো আলোকৰ সন্ধানী প্ৰজন্ম আমি, প্ৰতিদিনে দি যাম ন পোহৰৰ পথৰ নিদৰ্শন।

Leave a Reply

Your email address will not be published. Required fields are marked *