আজিৰ অসমীয়াই নিজক নিচিনিলে..

আমি অসমীয়া নহওঁ দুখীয়া,বুলি সান্তনা লভিলে নহ’ব, আজিৰ অসমীয়াই নিজক নিচিনিলে, অসম ৰসাতলে যাব, আমি অসমীয়া নহওঁ দুখীয়া…. ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতটো বৰ্তমান সময়ত বিশেষ ভাৱে প্ৰাসংগিক হৈ পৰিছে।কিয়নো গীতটোৱে বৰ্তমান সময়ৰ পৰিস্থিতিক প্ৰতিনিধিত্ব কৰিছে ।জাতি, মাটি, দেশৰ প্ৰতি থকা টানৰ বাবে তেখেতে গীতটোৰ জৰিয়তে কৈছিল প্ৰতিজন অসমীয়াই কি কৰা উচিত উপদেশ দিবলৈ লাচিত বৰফুকন নাই যদিও আগুৱাই যাব লাগিব ।অম্বিকাগিৰি চিঞৰক নৱৰূপ দি সংগ্ৰাম কৰিব লাগিব ।তেখেতে এই গীতটোৰ জৰিয়তে অসমীয়াৰ সংজ্ঞা দাঙি ধৰি কৈছিল-আমি প্ৰতি জন অসমীয়াই ভাল ভাৰতীয় আৰু লুইতৰ পাৰৰ মাটিক মাতৃ বোলাজন নতুন ৰূপৰ অসমীয়া।আমি নিজৰ মাজতে যদি বিভেদ ৰাখো বিশ্বই আসৈ পাব! এয়া আছিল সুধাকণ্ঠ গৰাকীৰ গীতৰ থুলমূল প্ৰসংগ।সচাঁকৈয়ে আজি দেশত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সান্তনা দিবলৈ কোনো নাই ।আছে মাথোঁ ইতিহাস ।ইতিহাসত সন্নিবিষ্ট মহান ব্যক্তিসকলৰ কিছু বাণীক সৰোগত কৰি সমাজ আৰু দেশ সেৱাৰ বাবে  প্ৰতিজন অসমীয়াই পণ কৰা উচিত ।এই ক্ষেত্ৰত সাধাৰণ জনসাধাৰণৰ লগতে শিল্পী, সাংবাদিকৰো কৰণীয় আছে ।সদৌ শেষত এই বিশেষ দিনটোত সুধাকণ্ঠ গৰাকীক তেখেতৰ গীতৰ কিছু প্ৰসংগই স্মৰণ কৰি প্ৰণিপাত জনালো ।

Leave a Reply

Your email address will not be published. Required fields are marked *