কোৱাড্ৰিচাইকেল কিউট মুকলি

তিনিচকীয়া বাহনৰ অগ্ৰণীয় নিৰ্মাতা বাজাজ প্ৰতিষ্ঠান বাজাজ অট’ৱে আজি উত্তৰ পূব ভাৰতত কিউট মুকলি হয়।অসম চৰকাৰে কোৱাড্ৰিচাইকেল হিচাপে নতুন শাখাৰ কিউট মুকলি কৰে।আজি মহানগৰীৰ হোটেল ৰেডিচন ব্লুত আয়োজিত এক সংবাদ মেলত এই বিশেষ গাড়ীখন আনুষ্ঠানিকভাৱে মুকলি কৰে বাজাজ অট’ৰ জেনেৰেল মেনেজাৰ মুকেশ কুমাৰ তিৱাৰীয়ে।আনুষ্ঠানিকভাৱে মুকলি অনুষ্ঠানত উপস্থিত থাকি প্ৰশান্ত অহিৰে কয় যে ভাৰতত স্বাধীনতাৰ পিচত এনেধৰণৰ নতুন ডিজাইনৰ গাড়ী বজাৰত মুকলি হৈছে।কিউটৰ পে’ট্ৰল গাড়ীৰ মাইলেজ প্ৰতি লিটাৰত ৩৫কিলোমিটাৰ আৰু চি এন জি গাড়ীৰ মাইলেজ ৪৫কিলোমিটাৰ ।এই বিশেষ গাড়ীখনক কাৰিকৰী দিশৰ পৰা নতুনত্বৰ অনা হৈছে  ।কিউটৰ বজাৰ মূল্য ২.৮৩লাখ টকা।ভাৰততে নিৰ্মাণ হোৱা কিউট যোগাযোগৰ বাবে অনুকূল, চলাবলৈ সহজ আৰু সকলো ধৰণৰ বতৰৰ বাবে উপযোগী ।উল্লেখযোগ্য যে ইউৰোপীয়ান দেশত ৩০বছৰৰ আগতে এনে গাডী নিৰ্মাণ হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *