Home উদ্যমী গৰুৰ পোষ্টাৰ মুকলি

গৰুৰ পোষ্টাৰ মুকলি

188
0

সমগ্ৰ ৰাজ্যৰ লগতে আজি তেজপুৰতো আনুষ্ঠানিকভাৱে মুকলি কৰা কৰা হ’ল গৰুৰ পোষ্টাৰ। কিন্ত কি এই গৰু! অসমৰ যুৱ নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ পৰিকল্পনা আৰু পৰিচালনাৰ লগতে চাহজাহানৰ কাহিনীৰে অহা ২৪ জানুৱাৰীত অসমৰ আটাইকেইটা চিত্ৰগৃহতে মুক্তি পাব অসমীয়া ব্যতিক্ৰমী তথা হাস্যমুধুৰ চলচিত্ৰ” গৰু(ধিক্কাৰ এই জীৱন)”। ইতিমধ্যে চলচিত্ৰ খনিৰ প্ৰায় কাম প্ৰায় সম্পূৰ্ণ উঠিছে। আজি সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে তেজপুৰ চহৰৰ মাজমজিয়াৰ মিচন চাৰিআলিত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল গৰুৰ পোষ্টাৰ। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমৰ চলচিত্ৰ জগতৰ জেষ্ঠ অভিনেতা অৰুন নাথকে প্ৰমুখ্যে অসমীয়া চলচিত্ৰৰ বহুতো অনুৰাগী। হিমাংশু  প্ৰসাদ দাসৰ এই গৰু নামৰ চলচিত্ৰখনিত অভিনয় কৰিছে অসমৰ চলচিত্ৰ জগতৰ জেষ্ঠ অভিনেতা বাহাৰুল ইচলাম,অৰুন নাথ,পাকিজা বেগম,লনিশ্ৰী দাস,কমল পৰানকে ধৰি বহুকেগৰাকী নবীন প্ৰবীন শিল্পীয়ে। উল্লেখ্য যে অহা ২৪ জানুৱাৰীত মুক্তি পাবলগীয়া এই ছবিখনে একেলগে ১০০০ টা দৰ্শনী মুকলি কৰা হ’ব বুজি প্ৰযোজক অাৰু পৰিচালক হিমাংশু প্ৰসাদ দাসে জানিবলৈ দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here