Home উদ্যমী চৰাইদেউৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীয়ে কি ক’লে

চৰাইদেউৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীয়ে কি ক’লে

40
0

চৰাইদেউৰ  কংগ্ৰেছ দলে পঞ্চায়তীৰাজ ব্যৱস্থাক কলুষিত কৰিলে যাৰ ফলত পঞ্চায়তীৰাজ ব্যৱস্থাটো সফল নহ’ল এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। চৰাইদেউ জিলাৰ সাপেখাতিত পঞ্চায়ত নিবাৰ্চনৰ এখন প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় কংগ্ৰেছ দলৰ নেতাবোৰে ৰাইজৰ ধন আত্মসাৎ কৰি লুটিপুতি খোৱাৰ বাবে গ্ৰামাঞ্চলৰ উন্নয়ন নহ’ল। কংগ্ৰেছ দলে অসমৰ সামগ্ৰিক উন্নয়নৰ স্থবিৰ কৰাৰ  পাছতো মাত্ৰ আঢ়ৈ বছৰতে বিজেপি দলে অসমৰ উন্নয়নত সফলতা লাভ কৰিছে। উজ্বলা যোজনা, সৌভাগ্য আঁচনি আদিৰ জৰিয়তে গ্ৰামাঞ্চলৰ জনসাধাৰণক আমাৰ চৰকাৰে উপকৃত কৰিছে, ইফালে বিজেপি চৰকাৰৰ হাতত সততা থকা আছে বাবেই জনসাধাৰণে বিজেপি দলক আকোঁৱালি লোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে কংগ্ৰেছ দলৰ হাতত সততা নথকা বুলি মন্তব্য কৰি সততা নথকা বাবেই এপিএচচিৰ কেলেংকাৰী সংঘটিত হোৱা বুলি উল্লেখ কৰে। ইফালে বিদেশী বিদেশী বুলি একাংশ লোকে সমাজত বিভ্ৰান্তিকৰ অপপ্ৰচাৰ কৰিছে বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰি যিসকল দল সংগঠনে এই অপপ্ৰচাৰ কৰিছে তেওঁলোকক দাবী আপত্তি দিবলৈ আহ্বান জনায়। বিজেপি দল শাসনত থকালৈকে চাওলুং চ্যুকাফাৰ বৰ অসমক ভাগ ভাগ হ’বলৈ দিয়া নহ’ব বুলি কয়। ইফালে বিগত কিছুদিন ধৰি অসমৰ একাংশ যুৱক উগ্ৰপন্থী সংগঠনত যোগদান কৰা বিষয়টোত কিছু দল সংগঠনে সমৰ্থন কৰা কাৰ্যক সমালোচনা কৰি উগ্ৰপন্থীৰ বিৰুদ্ধে চৰাইদেউ জিলাৰ জনসাধাৰণক সজাগ হবলৈ আহ্বান জনায়। ইপিনে ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ বাবে গ্ৰাম্যাঞ্চলৰ অৰ্থনীতি শক্তিশালী কৰাত আমি সবাতোকৈ গুৰুত্ব দিছোঁ। কিন্তু বিগত সময়ছোৱাত কংগ্ৰেছ চৰকাৰে গাঁৱৰ ৰাইজৰ উন্নয়নৰ বাবে অহা বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰি ৰাইজক প্ৰতাৰণা আৰু বঞ্চিতহে কৰি ৰাখিলে। পিছে আমাৰ চৰকাৰে প্ৰতিখন জনকল্যাণমূলক আঁচনিৰ সুফল গাঁৱৰ প্ৰতিটো পৰিয়ালৰ ওচৰলৈ লৈ গৈছে আৰু প্ৰতিটো পৰিয়ালৰ সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে আমি দৃঢ়তাৰে কাম কৰি যাম বুলি মন্তব্য কৰে । সাপেখাতি মজলীয়া বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি সোণাৰি সমষ্টিৰ বিধায়ক তথা শক্তি আৰু গড়কাপ্তানি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈয়ে কংগ্ৰেছৰ অপশাসনৰ ৰাজত্বকাল ওফৰাই জনসাধাৰণে যিদৰে বিজেপি দলক বিগত বিধান সভা আৰু লোকসভা নিবাৰ্চনত ভোট দিছিল সেইদৰে পঞ্চায়ত নিবাৰ্চনতো বিজেপি দলৰ প্ৰাৰ্থীক ভোট দি দুৰ্নীতিমুক্ত, বিকশিত নিকা পঞ্চায়ত নিবাৰ্চন গঠনত সহযোগ কৰিবলৈ ৰাইজক আহ্বান জনায়। মন্ত্ৰী তপন কুমাৰ গগৈয়ে আগন্তুক পঞ্চায়ত নিবাৰ্চনত বিজেপি দলে চৰাইদেউ জিলাৰ আটাইবোৰ পঞ্চায়ত তথা নতুনকৈ গঠন কৰিবলগীয়া চৰাইদেউ জিলা পৰিষদ গঠন কৰিব বুলি দাবী কৰে। আনহাতে বিজেপি দলে পঞ্চায়ত দখল কৰিলে চৰাইদেউ জিলাৰ সমগ্ৰ গ্ৰামাঞ্চল আৰু চাহ বাগিচাৰ উন্নয়ন কৰিবলৈ বিজেপি চৰকাৰে সম্পুৰ্ণ প্ৰয়াস কৰিব বুলি কয়। ইপিনে কংগ্ৰেছৰ শাসন কালত সোণাৰি আৰু মাহমৰা সমষ্টিক শ্মশান কৰি থৈ গৈছিল বুলি উল্লেখ কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কংগ্ৰেছৰ দিনত অলেখ চুৰ সৃষ্টি হোৱা বুলিও অভিযোগ কৰে। আনহাতে কংগ্ৰেছ দলে পঞ্চায়ত নিবাৰ্চনত বহুকেইজন চুৰ নেতাক প্ৰাৰ্থী থিয় হিচাপে কৰোৱা দেখা গৈছে বুলি মন্তব্য কৰি এই পঞ্চায়ত নিবাৰ্চনত কংগ্ৰেছ দলক বেলট পেপাৰযোগে উচিত শিক্ষা দিবলৈ জনসাধাৰণক আহ্বান জনায়। সভাখনত মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন উপস্থিত থাকি চৰাইদেউ জিলাৰ দুয়োটা সমষ্টিৰ অন্তৰ্গত আটাইকেইখন পঞ্চায়ত আৰু জিলা পৰিষদত বিজেপিৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়। বিজেপিৰ ৰাজ্যিক সদস্য তথা মাৰ্কেটিং ব’ৰ্ডৰ উপাধ্যক্ষ মনোজ বৰুৱা, এপিজিচিএলৰ উপাধ্যক্ষ অনুপ সিং ৰাজপুৰুহিত, মহিলা মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া নবনীতা সন্দিকৈৰ লগতে বহুকেইজন বিজেপি নেতা উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here