নাৰী দিৱসৰ প্ৰাকক্ষণত চৰ্চালৈ আহিছে এগৰাকী বিশেষ নাৰীৰ প্ৰচেষ্টা-গাঁৱৰ মহিলাক স্বাৱলম্বী কৰি তুলিছে

এগৰাকী যুৱতীৰ প্ৰচেষ্টাই উজ্বলাইছে এখন গাঁৱৰ মহিলাৰ জীৱন। বয়ন শিল্পৰ যোগেদি দৰিদ্ৰ পৰিয়ালৰ মহিলাক স্বাৱলম্বীতাৰ ন বাট দেখুৱাবলৈ সক্ষম হৈছে মৰিয়নীৰ নকছাৰী চিনাতলী গাঁৱৰ বাসিন্দা তথা প্ৰাক্তন শিক্ষক খগেন চন্দ সন্দিকৈ আৰু বন্তি সন্দিকৈৰ জীয়ৰী বৰ্ণালী সন্দিকৈয়ে। এই যুৱতী গৰাকীৰ এক প্ৰচেষ্টাই মৰিয়নী সমষ্টিৰ নকছাৰী ভেলউগুৰি অফলামুখ গাঁওৰ দৰিদ্ৰ পৰিয়ালৰ মহিলা সকলৰ জীৱনলৈ কঢ়িয়াইছে নতুন পোহৰৰ ৰেঙনি। গাঁওখনত বৰ্তমান বয়ন শিল্পৰ এক নৱ বিপ্লৱৰ সূচনা হৈছে বুলি ক’ব পাৰি। গাঁও খনৰ শিপিনী সকলৰ দ্ধাৰা উৎপাদিত গামোচা, ৰুমাল, চেলেং , চাদৰ, মেখেলাকে ধৰি বিভিন্ন বস্ত্ৰ এতিয়া উপলব্ধ হৈছে গুৱাহাটী, মঙ্গলদৈ, ডিব্ৰুগড়কে ধৰি অসমৰ কেইবাখনো জিলাৰ বজাৰত। পূৰ্বে গাঁওখনৰ শিপিনীসকলে উৎপাদিত বস্ত্ৰ বিক্ৰীৰ বাবে এখন বজাৰ নোপোৱা বাবে হতাশ হৈ অহাৰ সময়তে গাঁৱৰ শিপিনী সকলৰ মাজত বৰ্ণালীয়ে পোহৰ ফাউণ্ডেচনৰ যোগেদি নতুন আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে। এতিয়া গাঁওখনৰ শিপিনী সকলে উৎপাদিত বস্ত্ৰৰ উচিত মূল্য লাভ কৰা লগতে দৰিদ্ৰতাই পিষ্ট কৰা পৰিয়াল সমুহে আৰ্থিক সকাহ লাভ কৰিবলৈ সক্ষম হৈছে। “বৰ্ণালী বাইদেউৰ বাবে আমি গাঁওখনৰ মহিলা সকলে এক নতুন সপোন দেখিছো। আমি আৰ্থিক সকাহ লাভ কৰিছো। আমি লৰা ছোৱালী স্কুলত পঢ়াব আৰু  টিউচন দিব পাৰিছো” এনেদৰে এই প্ৰতিবেদকৰ আগত ব্যক্ত কৰে গাঁও খনৰ জোনমনি দাস নামৰ বিধৱা মহিলা গৰাকীয়ে। গাঁওখনৰ আন এগৰাকী মহিলা মনু দাসে কয় ” আগতে আমি বোৱা কাপোৰ বোৰ বাকচত ভৰাই থও। কিনা মানুহ নাই। কিনিলেও উচিত মূল্য নাপাও। এতিয়া আমি পোহৰ ফাউণ্ডেচৰ যোগেদি উচিত মূল্য পাইছো। বৰ্ণালী বাইদেউ থাকিলে আমি বহুত আগুৱাই যাৱ পাৰিম” । পোহৰ ফাউণ্ডেচনৰ যোগেদি গাঁওখনৰ মহিলা শিপিনী সকলক বিনামূলীয়াকৈ সূতাৰ যোগান ধৰা লগতে বিভিন্ন পৰামৰ্শ আৰু প্ৰশিক্ষণৰ  ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে গাঁওখনৰ মহিলা সকলৰ দ্ধাৰা উৎপাদিত গামোচা, চেলেং চাদৰ স্থানীয় বিয়া সবাহকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত চাহিদা অনুসৰি যোগান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে পোহৰ ফাউণ্ডেচনে। বৰ্তমান গাঁওখনৰ ২০ গৰাকী মহিলা প্ৰত্যক্ষ ভাৱে এই কৰ্মত জড়িত হৈ তাঁত শালত বস্ত্ৰ উৎপাদন কৰি আছে। পুৱাৰ পৰা গধুলিকৈ গাঁওখনত শুনিবলৈ পোৱা যায় মাকোৰ খিটখিটনি। ঠিক সেইদৰে প্ৰতি গৰাকী মহিলা ব্যস্ত হৈ থাকে নিজৰ নিজৰ তাঁত শালখনত। এই সকল মহিলাই নিজৰ নিজৰ ঘৰত থকা মাটী শাল আৰু পাটি শালত বৈ উলিওৱা গামোচা, ৰূমাল,চেলেং, মেখেলা চাদৰ আদি পোহৰ ফাউণ্ডেচনৰ যোগেদি বিক্ৰী কৰি খুবেই সুখী। আনহাতে মহিলা সকলে এই উপাৰ্জনেৰে নিজৰ পৰিয়ালক আৰ্থিক সকাহ দিবলৈও সক্ষম হৈছে।  উল্লেখ্য যে অফলামুখ গাঁওৰ মহিলা সকলৰ জীৱনৰ দিশ সলনি কৰা বৰ্ণালীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীৰ সন্মান লাভ কৰা লগতে মাষ্টাৰ অফ ছ’চিয়েল ৱেলফাৰ শিক্ষা সাং কৰা পাছত আন দহ গৰাকী যুৱতীৰ দৰে চাকৰি পাছত ন দৌৰি সমাজৰ বাবে বিশেষকৈ  মহিলা সকলৰ বাবে কিবা এটা কৰাৰ মানসেৰে ২০১৮ চনৰ ছেপ্তেম্বৰত অষ্টিয়াৰ ডি কে এ নামৰ এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা দুবছৰ বাবে লাভ কৰা য়ুথ ইনভলমেণ্ট ফেলশ্বিপৰ যোগেদি লাভ কৰা ধনেৰে পোহৰ ফাউণ্ডেচন নামৰ এটা স্বেচ্ছাসেৱী সংস্থা গঠন কৰে। এই  সংস্থাটোৰ যোগেদি বৰ্ণালীয়ে মাজুলীৰ গৰাখহনীয়াৰ কবলত পৰি নকছাৰী ভেলউগুৰিত চৰকাৰে সংস্থাপন কৰা অফলামুখ নামৰ পিছ পৰা গাঁওখনত মহিলা শিপিনী সকলক লৈ অৰ্থনৈতিক দিশত সচেতন কৰি তোলাই নহয় প্ৰতি গৰাকী শিপিনীক নিজৰ কৰ্মৰ উচিত মূল্য লাভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা লগতে স্বাৱলম্বীতাৰ এক নতুন বাট দেখুৱাবলৈ সক্ষম হয়। বৰ্ণালীয়ে এই প্ৰতিবেদকৰ আগত কয় যে ” গাঁওখনৰ প্ৰতি গৰাকী মহিলাই একোগৰাকী নিপুন শিপিনী।তেওঁলোকৰ মাজত প্ৰতিভাৰ অভাৱ নাই। মই মাত্ৰ তেওঁলোকৰ কৰ্মই এক উচিত মূল্য লাভ কৰাত সহায় কৰিছো। সমাজত অৱহেলিত, স্বামীহাৰা তথা নিবনুৱা মহিলা সকলক স্বাৱলম্বী কৰি তোলাটোৱে আমাৰ পোহৰ ফাউণ্ডেচনৰ মূল লক্ষ্য। পুৰুষ প্ৰধান সমাজখনত নাৰীয়ে সমমৰ্য্যদা পাবলৈ হ’লে উপাৰ্জনক্ষম হ’ব লাগিব”। গাঁওখনৰ মহিলা সকলে আগবঢ়োৱা সহযোগিতাৰ ফলত বৰ্ণালীৰ পোহৰ ফাউণ্ডেচনে খুব কম সময়তে সফলতা লাভ কৰা বুলি ব্যক্ত কৰা লগতে গাঁওখনৰ শিপিনী সকলে উৎপাদন কৰা বস্ত্ৰ গ্ৰাহকৰ মাজত সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছে বুলি জানিবলৈ দিয়ে। এতিয়া গাঁওখনৰ মহিলাসকলে বৰ্নালীৰ পোহৰ ফাউণ্ডেচনৰ যোগেদি বহু দূৰ আগুৱাই যোৱাৰ সপোন দেখিছে। বৰ্ণালী সুখী গাঁওখনৰ মহিলাসকলে বয়ন শিল্পৰ যোগেদি অৰ্থনৈতিক স্বাৱলম্বীতা লাভ কৰিবলৈ সক্ষম হোৱাত। ভৱিষ্যতে মুগা কাপোৰ আৰু পাট মুগা কাপোৰ উৎপাদনৰ লক্ষ্য আগত ৰাখি গাঁওখন শুৱালকুছিৰ দৰে বস্ত্ৰ নগৰী ৰূপে গঢ়ি তোলাৰ সপোন আছে বুলি বৰ্ণালীয়ে জানিবলৈ দিয়ে। চৰকাৰৰ উচিত সহায় সহযোগিতা লাভ কৰিলে বৰ্ণালীয়ে আৰম্ভ কৰা এই সৰু প্ৰচেষ্টাৰ যোগেদি অসমৰ গ্ৰামাঞ্চলৰ মহিলা সকলে এক অৰ্থনৈতিক বিপ্লৱ গঢ়ি তুলিব বুলি আশা কৰিব পাৰি। খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে.. 

One thought on “নাৰী দিৱসৰ প্ৰাকক্ষণত চৰ্চালৈ আহিছে এগৰাকী বিশেষ নাৰীৰ প্ৰচেষ্টা-গাঁৱৰ মহিলাক স্বাৱলম্বী কৰি তুলিছে

  • March 9, 2019 at 10:47 PM
    Permalink

    Appreciated..go ahead Barnali..proud of you

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *