প্ৰকৃতিপ্ৰেমৰ নিদৰ্শনেৰে পৰিচয় গঢ়িছে

জনপ্ৰতিনিধি বুলি ক’লে সাধাৰণতেই আমাৰ মনলৈ আহে কুটিল ৰাজনীতি আৰু চৰকাৰী আঁচনিৰ পাকচক্ৰত বন্দী একোজন  ব্যক্তিৰ কথা । কিন্তু এনে ধাৰণাৰ বিপৰীতেও কেতিয়াবা আমাৰ চকুত ধৰা দিয়ে নিৰ্দিষ্ট কিছু জনপ্ৰতিনিধিৰ ব্যতিক্ৰমী জীৱনশৈলী অথবা কৰ্মপন্থা । তেনে এজন ব্যতিক্ৰমী জন প্ৰতিনিধিয়ে হৈছে খুমটাই সমষ্টিৰ  বিধায়ক মৃণাল শইকীয়া ।বিধায়ক জনৰ বাসগৃহৰ চৌহদত প্ৰৱেশ কৰিলেই উমান পোৱা যায় বিধায়কজনৰ প্ৰকৃতিৰ প্ৰতি থকা অগাধ প্ৰেমৰ নিদৰ্শন। শান্ত সমাহিত এক পৰিৱেশ। বাসগৃহৰ চাৰিওদিশে মনোমোহা এক প্ৰাকৃতিক পৰিৱেশ। বিধায়কৰ বাসগৃহ নহয় যেন সযত্নে প্ৰতিপালিত এখন উদ্যান। বিধায়কৰ বাসগৃহৰ চৌহদত আছে মুল্যবান বহু আপুৰুগীয়া উদ্ভিদৰ সংগ্ৰহ।বনচোম,হাতীভেকুৰী,নিমগছ,বগৰী,ভোট জলকীয়া,চকলাটেঙা ,শিমলু আদি বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ গছ ৰোপন কৰি থোৱাৰ লগতে এই সমুহৰ ইংৰাজী আৰু বৈজ্ঞানীক নাম সম্বলিত ফলক আৰি থৈছে বিধায়কগৰাকীয়ে ।যি কাৰ্য্য ছাত্ৰ-ছাত্ৰীৰ বাবে অতি প্ৰয়োজনীয় সমল হ’ব পাৰে ।বিধায়ক মৃনাল শইকীয়াই আজৰি সময়ত ব্যস্ত থাকে কৃষি কৰ্মত,নিজৰ চৌহদত আলু,কবি শাক আদি খেতিত ব্যস্ত থাকে  । আনহাতে ঘৰত আছে দুটাকৈ ভেড়া,ছাগলী ,গৰু,শহাপহু,কুকুৰ,মেকুৰী। আছুতীয়াকৈ আনি মৰুৰাজ্য ৰাজস্থানৰ পৰা আনি প্ৰতিপালন কৰিছে এটা উট আৰু দুটাকৈ ইমু চৰাই।বিধায়ক হৈয়ো এক সাধাৰণ জীৱন যাপন কৰে মৃনাল শইকীয়াই। এটা সাধাৰণ টিনৰ চালিৰ আটোমটোকাৰীকৈ সজোৱা ঘৰত বাস কৰে পৰিয়ালসহ মৃনাল শইকীয়াই। যি কোনা সময়ত ৰাইজৰ বাবে খোলা থাকে বিধায়কৰ ঘৰৰ দুৱাৰ। বাসগৃহত দেখা পোৱা নাযায় কটকটীয়া নিৰাপত্তা ব্যৱস্থা। পুৱাৰে পৰা বিধায়কৰ ঘৰলৈ আগমণ ঘটে সমষ্টিবাসীৰ আৰু সেই প্ৰতিজন সমষ্টিবাসীক অতিথিৰ সন্মানেৰে চাহেৰে অপ্যায়ন কৰিবলৈ ব্যস্ত থাকে কেইবাজনো লোক।বিধায়কৰ বাসগৃহৰ সমীপতে মৃনাল শইকীয়াৰ উদ্যোগত গঢ়ি উঠিছে এক গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ। যোগীবাৰী বিল নামেৰে এই পৰ্যটন ক্ষেত্ৰলৈ প্ৰতিদিনে আগমণ ঘটে বিভিন্ন প্ৰান্তৰ লোকৰ।প্ৰকৃতি ধ্বংসৰ অঘোষিত প্ৰতিযোগিতাৰ সংকটকালত বিধায়ক মৃণাল শইকীয়াৰ প্ৰকৃতিপ্ৰেমৰ এনে নিদৰ্শন ৰাজ্যবাসীৰ বাবে নিসন্দেহে এক আশাৰ খবৰ ।খবৰ যুগুতালে দেৰগাৱৰ পৰা পলাশে.. 

Leave a Reply

Your email address will not be published. Required fields are marked *