বলিউদত এখোজ যোৰহাটৰ ডেইজীৰ

মায়া নগৰী মুম্বাইত চিনেমা জগতত অসমৰ বহুতো প্ৰতিভাৱান যুৱক যুৱতীয়ে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে|শেহতীয়াকৈ ডেইজী দলে নামৰ যুৱতী গৰাকীয়ে চ’চিয়েল মেডিয়াত বেচ চৰ্চা লাভ কৰিছে| যোৰহাট ঢেকিয়াখোৱাৰ যুৱতী ডেইজীয়ে য়ামালা পাগলা দিৱানা ফিৰ চে লিগেল এডভাইজাৰৰ চৰিত্ৰত অভিনয় কৰিছে|এই চিনেমাখনৰ মুখ্য ভূমিকাত ধৰ্মেন্দ্ৰই অভিনয় কৰিছে|এই সম্পৰ্কে ডেইজীয়ে এন ই ফ’কাচ ডট কমক জনায় যে ধৰ্মেন্দ্ৰৰ লগত অভিনয় কৰি খুবেই আনন্দিত|তেখেতৰ কমেডি কথাবোৰ খুবেই মনোগ্ৰাহী|অভিনয়ৰ জৰিয়তে সমাজত পৰিচয় গঢ়িবলৈ বিচৰা ডেইজীয়ে ইতিপূৰ্বে বিজ্ঞাপন আৰু চিৰিয়েলত অভিনয় কৰিছিল|

Leave a Reply

Your email address will not be published. Required fields are marked *