বিবেকৰ সেৱাই সেৱা আগবঢ়াইছে

 

দৃঢ়তা আৰু মনোবল থাকিলে সকলো কাম সম্ভৱপৰ হৈ উঠে । এজন সাধাৰণ যুৱক, নাম বিবেক বৰা। ঘৰ যোৰহাট ৰ বৰখঙীয়াত। ল’ৰা জন যদিও সাধাৰণ কিন্তু সমাজৰ বাবে কিবা এটা কৰাৰ তেঁওৰ দুৰ্বাহ হেপাঁহ আছিল। সেই হেপাঁহৰ তাগিদাতে আগবাঢি গৈছিল আৰু গঠন কৰিছিল “সেৱা” নামৰ এটা বে-চৰকাৰী সংগঠন।10631265_741802559238109_5494400104438737629_o  

 

যিটো সংগঠনৰ উদ্যোগত নাৰী সৱলীকৰণ আৰু যুব কল্যাণৰ কাম কাজ সম্পাদন হয়। Polytechnic Engineering শৈক্ষিক জীৱনৰ পৰিসমাপ্তি ঘটোৱা, বিবেক কিছুবছৰ অসমৰ বাহিৰত কোম্পানীৰ চাকৰিত কৰ্মৰত আছিল। সেই সময়খিনিত বিভিন্ন ঠাইত ঘুৰি বিভিন্ন মানুহৰ সান্নিধ্যত বহু কথাই শিকিছিল। বিবেকৰ ভাযাত ক’বলৈ হ’লে মই যেতিয়া কোম্পানীৰ কাম কলিকতাত কিছুবছৰ আছিলো, তেতিয়া তাত দেখা পাইছিলো যে তাৰ মহিলা সকল অধিকাংশ আৰ্থিক ভাৱে স্বাৱলম্বী। কাৰণ উৱাদিহ বিচাৰি জানিব পাৰিছিলো যে, তেঁওলোক আজৰি সময়ত এনেই নকটায়, কিবা নহয় কিবা কামত ব্যস্ত থাকি নিজে স্বাৱলম্বী হোৱাৰ লগতে ঘৰখনকো কিছু সকাহ যোগাইছে । এনে এটা পৰিবেশ দেখি মনত থিৰাং কৰিলো যে অসমটো এনে এটা পৰিবেশ সৃষ্টিৰ বাবে ব্ৰতী হঁও। সেইয়েহে সেৱা নামৰ এটা সংগঠন, ৭ জন সহকৰ্মীৰ সৈতে একত্ৰিত হৈ গঠন কৰো। আৰু সেৱাৰ যোগেদি বিভিন্ন প্ৰশিক্ষণ, সজাগতা সভাৰ যোগেদি অনুন্নত আৰ্থিক ভাবে পিছপৰা অঞ্চলৰ বহুজনক স্বাৱলম্বীতাৰ পথৰ নিদৰ্শন আগবঢাও।

12885705_940243746095970_895486525483381434_o

 

উল্লেখযোগ্য যে সেৱাৰ উদ্যোগত যোৰহাট, মৰিয়ণী, তিতাবৰ, মাজুলীৰ প্ৰায় ৩৫০ টা আত্মসহায়ক গোটক ধুপ, চাবোন, মম, কলগছৰ আহেৰে সুতা প্ৰস্তুত কৰা প্ৰশিক্ষণ প্ৰদান কৰিলে। স্মৰ্তব্য যে, বিবেকে নিজৰ সাচতীয়া টকাৰ সকলোখিনি কাৰ্য্য কৰিছে। সেৱাৰ যোগেদি প্ৰশিক্ষণ লৈ উদ্যোগ গঠন কৰা উদ্যোগ সমুহৰ ভিতৰত উল্লেখযোগ্য উদোগ্য হ’ল নামৰূপৰ Dipali Agarbati Industries । উল্লেখযোগ্য যে বিভিন্ন সময়ত সেৱাৰ সদস্য সকলে পৰিবেশ সুৰক্ষাৰ বাবে বৃক্ষ ৰোপণ আৰু শৌচাগাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা সভা আয়োজন কৰি আহিছে । সেৱাই সেৱাৰ জৰিয়তে জনকল্যাণ সাধিবলৈ সক্ষম হৈছে । সেৱাই সমাজত নতুন দিগন্তৰ সুচনা কৰক শুভকামনা থাকিল।

10 thoughts on “বিবেকৰ সেৱাই সেৱা আগবঢ়াইছে

  • August 14, 2016 at 1:02 PM
    Permalink

    বিবেক বৰাৰ যোগাযোগৰ নম্বৰটো পামনে….

    Reply
  • August 15, 2016 at 2:18 PM
    Permalink

    বৰ ভাল পদক্ষেপ

    Reply
  • August 15, 2016 at 10:20 PM
    Permalink

    I also want to do some thing for the tea garden pupils,can you give me his number ?

    Reply
  • August 16, 2016 at 12:54 AM
    Permalink

    Good job yaar……keep it up….

    Reply
  • August 16, 2016 at 11:56 AM
    Permalink

    Hundor podokhep.Nijor poisare aji dinot homaj hewa kora keijon ase.Hi is a great man.

    Reply
  • August 17, 2016 at 12:40 PM
    Permalink

    Good work Bibek.Any one can contact him on +918876361254

    Reply
  • August 22, 2016 at 9:44 PM
    Permalink

    Good job. keep it up

    Reply
  • August 17, 2017 at 6:34 PM
    Permalink

    আগুৱাই যাওঁক….

    Reply
  • June 8, 2018 at 11:39 PM
    Permalink

    মোৰ প্ৰশিক্ষনৰ প্ৰয়োজন।কেনেকৈ যোগদান কৰি ম
    জনাব।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *