মহানায়ক জনৰ সোঁৱৰণত

এটা যুগৰ অৱসান ঘটিল। এজন মহানায়কৰ প্ৰস্থান হ’ল। যিজনৰ ব্যক্তিত্বত সামাজিক চেতনা আৰু জাতীয় দায়িত্ববোধ প্ৰবাহিত হৈছিল। সেই বিশেষ ব্যক্তিজন হ’ল অটল বিহাৰী বাজপেয়ী। দেশৰ শাসন ভাৰ গ্ৰহণ কৰা প্ৰধানমন্ত্ৰীসকলৰ ভিতৰত বাজপেয়ী অন্যতম আছিল। কথাৰে নহয় কামেৰে এই পৰিচয় দাঙি ধৰিছিল। সেয়েহে তেখেতৰ মহাপ্ৰয়াণত সকলোৱে উচুপিছে। কোনো ৰাজনীতি সমীকৰণৰ ভিতৰত আবদ্ধ নাছিল তেখেত। অসম তথা উত্তৰ পূবৰ বাবে তেখেতৰ বিশেষ এটা টান আছিল। অসম আন্দোলনৰ পৰা আৰম্ভ কৰি যাতায়ত ব্যৱস্থা উন্নয়নৰ লৈকে বিভিন্ন দিশত গুৰুত্ব দিছিল। বিশেষকৈ বিদেশী অনুপ্ৰবেশকাৰীৰ সমস্যা সমাধান তথা বাংলাদেশী বিতাড়নৰ সম্পৰ্কত সৰৱ আছিল। উত্তৰ পূবৰ উন্নয়নৰ বাবে ২০০১ চনত ড’নাৰ মন্ত্ৰণালয় গঠন কৰিছিল। সদৌ শেষত বাজপেয়ীদেৱৰ এটা কবিতাই শ্ৰদ্ধা নিবেদন কৰিলো।

যো কল থে ৱহ আজ নহী হ্যে

যো আজ হেঁ ৱহ কল নহী হুঁগে

হনে না হনে কা কাম

ইচী তাৰাহ চলতা ৰেহেগা

হম হ্যে, হম ৰহেঙ্গে

য়েহ ভ্ৰম ভী চাদা পালটা ৰেহগা।।

 

বিশেষ কৃতজ্ঞতা- জিতেন্দ্ৰ কুমাৰ চৌধুৰী

Leave a Reply

Your email address will not be published. Required fields are marked *