শাৰদীয় বতৰৰ অনুভৱেৰে

দুৱৰিত নিয়ৰৰ মুকুতা সাজি
সংগোপনে ধৰাৰ বুকুলৈ শৰৎ আহিল। শৰৎ অহা মানেই শেৱালি ফুলিল । নিয়ৰেও শৰতৰ বুকুত প্ৰাণ পাই উঠিল। দুৱৰিত দলিচা সাজি নিয়ৰৰ প্ৰতিটো কণাই বোৱাই আনিলে প্ৰতিশ্ৰুতিৰ বন্যা। কাৰণ শৰৎ আশাৰ ঋতু, হেপাহৰ ঋতু।

শৰতৰ আচিলা লৈয়ে নদী কাষৰ কহুৱাই শুভ্ৰ‌ আস্ৰাদন সাজে। বতাহৰ বা লাগি কঁহুৱাবোৰ হালি জালি উঠে। প্ৰাণত ভালপোৱাৰ শিহৰণ জাগে।

শৰতৰ সন্মোহিত গুণে সকলোকে আনন্দিত কৰি তোলে। আইতাকে
নাতিয়েক কোলাত বহুৱাই লৈ চোতালত বহি সাধু কোৱাৰ সময় বোৰ সুৱৰে।

শৰতে কঢ়িয়াই আনে পূজাৰ বতৰ , বেলুন, পেঁপা, শঙ্খ , ঢাকৰ শব্দত মুখৰিত হোৱা বিশেষ সময়ৰ। সেয়ে শৰতে সদায় কয় মই সদায় আশাৰ ঘৰ সাজো,প্ৰতিশ্ৰুতিক সাৰথি কৰি।

লাহে লাহে হিম পৰা আৰম্ভ হৈছে। দোকানত শাৰদীয় পূজাৰ অলেখ সম্ভাৰে ভৰি পৰিছে। চোতালৰ দুৱৰিত নিয়ৰ সৰিছে ইয়ে যেন পুনৰ সোঁৱৰাইছে শৰৎ আহিছে সংগোপনে।

Leave a Reply

Your email address will not be published. Required fields are marked *