Home সুখবৰ স্বাস্থ্য মিত্ৰ বঁটা প্ৰদানৰ অনুষ্ঠান সম্পন্ন

স্বাস্থ্য মিত্ৰ বঁটা প্ৰদানৰ অনুষ্ঠান সম্পন্ন

40
0

ৰোগী আৰু চিকিৎসকৰ মাজত দূৰত্ব হ্ৰাস কৰিবলৈ অসমৰ অন্যতম আগশাৰীৰ চিকিৎসালয় জি এন আৰ চিয়ে ব্যয়সাধ্য স্বাস্থ্য অভিযান শীৰ্ষক এখন আঁচনিৰ আৰম্ভ কৰিছে।ইয়াৰ লগত সংগতি ৰাখি আজি আনুষ্ঠানিকভাৱে অসমৰ বিভিন্ন ঠাইৰ ৮১ গৰাকী স্বাস্থ্য মিত্ৰক বঁটা প্ৰদান কৰে।জি এম চি এইছ প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানত জি এন আৰ চি হস্পিতালৰ প্ৰতিষ্ঠাতা ডক্তৰ নোমল বৰাই কয় যে সমগ্ৰ বিশ্বতে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত ব্যক্তি সকলক ব্যয়সাধ্য স্বাস্থ্য আওতালৈ অনাটো এক জটিল প্ৰক্ৰিয়া।জনসাধাৰণক স্বাস্থ্যৰ সম্পৰ্কে অৱগত কৰা,জৰুৰীকালীন সময়ত হস্পিতালত ভৰ্তি কৰা ইত্যাদি বোৰ বিষয় সামৰি এই আঁচনি দুবছৰৰ পূৰ্বে আৰম্ভ কৰা হৈছিল ।স্বাস্থ্য মিত্ৰ সকলৰ অৰিহণা, দক্ষতা, জনসাধাৰণৰ লগত সম্পৰ্কৰ বিষয়ৰ ভিত্তি কৰি এই  বঁটা প্ৰদান কৰা হয় ।উল্লেখযোগ্য যে এই বঁটা প্ৰতিমাহে প্ৰদান কৰা হ’ব ।অনুষ্ঠানটোত আঁত ধৰি জি এন আৰ চি নিউৰ’ছাৰ্জাৰী বিভাগৰ সঞ্চালক ডক্তৰ নৱনীল বৰুৱাই কয় যে প্ৰায়বোৰ ৰোগৰে মুখ্য কাৰণ হ’ল ৰোগ বিধৰ সম্পৰ্কে বিশদভাৱে নজনাটো।ব্যয়সাধ্য স্বাস্থ্য অভিযানৰ জৰিয়তে আমি এই কথাবোৰৰ সমিধান উলিয়াবলৈ যত্ন কৰিছো।স্মতব্য যে স্বাস্থ্য মিত্ৰ সকলে তৃণমূল পৰ্য্যায়ৰ পৰা জনসাধাৰণৰ মাজত কাম কৰি আহিছে ।আজিৰ অনুষ্ঠানত অভিনেতা দিনেশ দাস, অভিনেত্ৰী মলয়া গোস্বামীকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here