সৰস্বতী পূজা আৰু ইয়াৰ প্ৰাসংগিকতা

প্ৰাচীন কালৰ পৰা দেৱ- দেৱীৰ পূজা-পাতল হৈ আছে বুলি পুৰাণত পোৱা যায়। এই দেৱ- দেৱী হ’ল অসুৰ বিনাশক, জগত পালক, জাগতৰ ত্ৰাণকৰ্তা। যিদৰে লক্ষীক ঐশ্বৰ্য-বিভুতি, দুৰ্গাক বিপদ-নাশিনী দেৱীৰূপে পালন কৰা হয়, ঠিক সেইদৰে দেৱী সৰস্বতীকো বাগদেৱী অৰ্থ্যাৎ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী ৰূপে পূজা কৰা হয়। প্ৰাচীন কালৰ পৰা বৰ্ত্তমান সময়লৈকে দেৱী পূজা অৰ্চনা পৰম্পৰাগতভাৱে চলি আহিছে। প্ৰতিবছৰে মাঘবিহুৰ শুক্লা পঞ্চমীত সৰস্নতী দেৱী পূজা-অৰ্চনা হয়। মাঘ মাহৰ শ্ৰী পঞ্চমী এই পূজা কৰা হয় বাবে সৰস্বতী পূজাক শ্ৰী পঞ্চমী বুলিও কোৱা হয়।

IMG-20170201-WA0035

বিশেষকৈ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে সৰস্বতী পূজা-অৰ্চনা কৰা দেখা যায়। সৰস্বতী দেৱীৰ বাহন হ’ল ৰাজহাঁহ। দেৱীৰ হাতত থকা বীণা আৰু পুস্তকে জ্ঞান-বিদ্যা আৰু সংগীতৰ মাজত যে এক গভীৰ সম্বন্ধ আছে. তাকে সূচায়। সাহিত্য, সংগীত হ’ল আন এবিধ সুকুমাৰ কলাৰে গঁথা এডাল সূঁতা। এটাক বাদ দি আনটো পূৰ্ণ নহয়, তেওঁৰ মুৰ্তিত এই সুকুমাৰ কলাৰ অপূৰ্ব সংমিশ্ৰণ দেখা যায়।

স্কুল- কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে সৰস্বতী পূজাৰ দিনা দেৱীৰ সন্মুখত প্ৰৰ্থনা, কাকূতি- মিনতি আদি কৰে যাতে নিজৰ চেষ্টা আৰু সৰস্বতী মাতৃৰ আৰ্শীবাদত সফলতাৰে পৰীক্ষাবোৰত উত্তীৰ্ণ হয়। সৰস্বতী পূজাৰ দ্ৰব্য বিশেষ হ’ল এনেধৰণৰ – ঘট, সিন্থৰ, পঞ্চপল্লৱ (আম, আঁহত, বট, পাকৰী আৰু ঔডিমৰু) তিল, শিলিখা, বগা সৰিয়হ, আসন আঙুঠি, এযোৰ শাৰী-ধুৰ্তি, গামোছা ৩ খন, ঘটৰ কাপোৰ, লগুন ৩ টা, কুমাৰৰ চৰু ২টা, পঞ্চগুড়ি, পঞ্চগব্য, পঞ্চৰত্ন, শিৰ থকা নাৰিকল এটা, ৰচনাভাৰ, দধি, সুগ্ধ, ঘৃত, মধু, চেনি, হোমৰ ঘিউ ৫০০ গ্ৰাম, বেলপাত ১০৮ টা, ছাউল, নানা জাতীয় ফুল, লাৰু, পিঠা, পৰমান্ন, ফলি-পেঞ্চিল, দোৱাত-কলম, কিতাপ, কৰ্পুৰ, পানমছলা, তামোল-পান, আইনা- ফণী, সুগন্ধি তেল, অলংকাৰ, তুলসী, দুৱা বেলপাত, জাইয়াৰৰ গুটি, অপৰাজিতা ফুল বা বেলপাতৰ মালা ইত্যাদি।

IMG-20170201-WA0034

সৰস্বতী পুজা উপলক্ষে পুজা আয়োজনৰ বাবে স্কুল-কলেজত এখন কমিটি গঠন কৰা হয়। পুজা কমিটি আৰু ছাত্ৰ- ছাত্ৰীৰ সহযোগত পুজা উদযাপন কৰা হয়। সৰস্বতী পুজা দিনা ছাত্ৰ- ছাত্ৰীৰ সহযোগত পুজা উদযাপন হয়। সৰস্বতী পুজাৰ দিনা ছাত্ৰ-ছাত্ৰীয়ে উপবাসে থাকি দেৱীৰ চৰণলৈ “সৰস্বতৈ নমো নিত্যং ভদ্ৰকল্যৈ নমো নমঃ” বুলি পুস্পাঞ্জলী যাচে। সৰস্বতী পুজাৰ পিছদিনাই দেৱী নদীত বিসৰ্জন দিয়া হয়। দেৱী শুক্ল পৰিধানে তেওঁ ৰঞ্জিত হাতত থকা বীণা আৰু কিতাপে, তেওঁৰ ভৰিৰ তলত থকা শুদ্ৰ পদুম পাহে আৰু ওচৰতে নীলা পানীত চৰি থকা শুভ্ৰ শুকুলা হাহঁজনীয়ে বিদ্যাৰ্থীৰ মনত থকা শান্ত সৌন্দৰ্যৰ ৰেখাপাত কৰে।

সৰস্বতীৰ আন নাম “বাণী”। “বাণী” জ্ঞান আৰু বিদ্যাৰ প্ৰতীক। বিদ্যাক আৰ্য ঋষি মুনিকলে শুক্লৰূপে কল্পনা কৰিছিল। কাৰণ বিদ্যাই মানুহ অন্তৰৰ সকলো মলিনতা আৰু কলুষতা দুৰ কৰে। বিদ্যাই মানুহৰ অন্তৰৰ সকলো অন্ধকাৰ দুৰ কৰি জ্ঞান পবিত্ৰতাৰে অন্তৰ শুদ্ধ কৰে, সেই দেখিয়ে বোধ হয় তেওঁলোকে  এগৰাকী দেৱীক শুক্ল বস্ত্ৰ পৰিধান কৰাত স্বেতপস্ম আসনত বহুৱাই হংস-বাহন দি পুজা-অৰ্চনা কৰিছিল।

DSC06310

বৰ্ত্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিনটো দেৱী-পুজা অৰ্চনা স্নান হোৱা নাই আৰু ই ভবিষ্যতলৈকো চলি থাকিব। যান্ত্ৰিকতাই মানুহক উন্নতিৰ শিখৰলৈ কঢ়িয়াই নিলেও দেৱ-দেৱীৰ পুজা অৰ্চনাই অতীতৰ ঋষি- মুনি সকলৰ পুজা পাতল, যাগ-যজ্ঞৰ কথা এবাৰ হ’লেও সোঁৱৰাই দিয়ে। যিহেতু ভাৰতীয় গ্ৰন্থ হ’ল বেদ উপনিষদ। এই বেদ উপনিষদকৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ জীৱন চক্ৰ চলিছে। বিশ্বায়নে আমাক যিমানেই আধুনিকতাৰ প্ৰলেপ সানি নিদিয়ক কিয়, বেদ উপনিষদক আমি বাদ দিব নোৱাৰো, বাদ দিব নোৱাৰো আমাৰ সংস্কৃতিক। আজিৰ এই বিশেষ দিনটোত কিছু ইতিবাচক চিন্তাৰে সকলোলৈ সৰস্বতী পূজাৰ শুভকামনা জনালো।

Leave a Reply

Your email address will not be published. Required fields are marked *