Home সুখবৰ ৰক্তদান শিবিৰ অনুষ্ঠিত

ৰক্তদান শিবিৰ অনুষ্ঠিত

27
0

শোণিতপুৰৰ চাৰিদুৱাৰত আজি ৰাভা দিৱসৰ লগত সংগতি ৰাখি জনমত ৰক্তদাতা আৰু অসম চৰকাৰৰ কনকলতা ব্লাড বেংকৰ উদ্যোগত আৰু বৃহত্তৰ চাৰিদুৱাৰ-বালিপৰা অঞ্চলবাসী ৰাইজৰ সহযোগত  এক সমূহীয়া ৰক্তদান শিবিৰ অনুষ্ঠিত হয় । আজি দিনৰ ১০:০০ বজাৰপৰা চাৰিদুৱাৰৰ ৩০ খন বিছনাযুক্ত গ্ৰামীণ চিকিৎসালয়ত অনুষ্ঠিত অনুষ্ঠানটো চি আৰ পি এফৰ অসম কটন মিলছস্থিত ৩০ নং বেটেলিয়নৰ অধিনায়ক দীনেশ সিং চণ্ডেলে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰৰ লগতে তেখেতে প্ৰথমে ৰক্তদান কৰে । অনুষ্ঠানটোত অঞ্চলটোৰ ৰাইজ, দল-সংগঠনৰ সামৰি সৰ্বমুঠ ৫০ জনে স্বেচ্ছামূলকভাৱে ৰক্তদান কৰে । অনুষ্ঠানটোত বালিপৰা-চাৰিদুৱাৰ জ্যষ্ঠ নাগৰিক সন্থাৰ সম্পাদক বুধেশ্বৰ শইকীয়া, প্ৰভাত বৰা , সমাজকৰ্মী অমূল্য গোস্বামী, চাৰিদুৱাৰ চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া, বালিপৰা জিলা পৰিষদৰ সদস্য মৃণাল শইকীয়া, অাছু,অসম সেনা,অাছা ৩০নং চিঅাৰপিএফ আৰু ২২৪ ফিল্ড ৰেজিমেন্টৰ জোৱান, জনমতৰ বিষয়বৱীয়া, বালিপৰা প্ৰেছ ক্লাৱৰ সদস্য সদস্যাসকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here